কৰ’ণাৰ সন্ত্ৰাস, মেঘালয়ৰ ইষ্ট খাছী হিলছ্ত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ১৪৪ ধাৰা জাৰি

April 13, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো সংহাৰ চলাইছে কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে।

অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ সংক্ৰমণ ৰোধিবলৈ মেঘালয়ৰ ইষ্ট খাছী হিলছ্ত ৰাজ্য চৰকাৰে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ১৪৪ ধাৰা জাৰি কৰে।

লগতে পৰ্যটকৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

মেঘালয়লৈ ফুৰিবলৈ যোৱা প্ৰত্যেকগৰাকী পৰ্যটকৰ বাবে ক’ভিড টেষ্ট বাধ্যতামূলক কৰা হৈছে।

লগতে চাওকঃ

ATM ৰ কােঠালিত ভিতৰত অধ্যয়ন নিৰাপত্তা ৰক্ষীৰ, IAS বিষয়াৰ প্ৰেৰণাদায়ক ফটাে ভাইৰেল