কৰ’ণাৰ সন্ত্ৰাস! মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত ল’ব নতুন চৰকাৰে…

April 16, 2021 0 By Biraj Kalita

সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাৰ সংক্ৰমণ।

প্ৰতিদিনে অসমত ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে চিবিএছইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হ’ব নেকি বুলি চৰ্চা চলিছে।

এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

হিমন্ত বিশ্ব শৰ্মাই কয়- ‘২ মে’ৰ পাছত নতুন চৰকাৰে গ্ৰহণ কৰিব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত । নিৰ্বাচনী আচৰণবিধি চলি থকাৰ সময়ত আমি এনেধৰণৰ সিদ্ধান্ত ল’ব বিচৰা নাই। কাৰণ আমি যি সিদ্ধান্ত লওঁ তাত নিৰ্বাচন আয়োগৰো অনুমোদন লাগিব। ২ তাৰিখৰ আগতে আমি সিদ্ধান্ত ল’ব খোজা নাই। মেট্ৰিক যিহেতু ১১ তাৰিখে আছে, তিনি বা চাৰি তাৰিখে সিদ্ধান্ত গ্ৰহণ কৰিলেও কাৰ্যকৰী হ’ব।’