কৰ’ণা আক্ৰান্তৰ সংখ্যাই ৩০০ অতিক্ৰম হোৱা জিলাসমূহত বন্ধ হ’ব সকলো শিক্ষানুষ্ঠান

April 27, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শিক্ষানুষ্ঠানৰ বাবে জাৰি কৰিছে নতুন নিৰ্দেশনা।

কোনো জিলাত কৰ’ণা আক্ৰান্তৰ সংখ্যাই ৩০০ অতিক্ৰম কৰিলেই বন্ধ হ’ব সকলো শিক্ষানুষ্ঠান।

প্ৰাক-প্ৰাথমিকৰ পৰা বিশ্ব বিদ্যালয় পৰ্যন্ত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।

১৫ দিনৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা।

চৰকাৰী- বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

হোষ্টেল, কোচিং চেন্টাৰ সমূহৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব একেই নিৰ্দেশনা।