কৰ’ণা আতংকৰ মাজতে কাজিৰঙাত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

April 21, 2021 0 By Biraj Kalita

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা।

কৰ’ণা আতংকৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে।

মঙলবাৰে বনবিষয়াসকলে উদ্যানখনৰ ক’হৰা ৰেঞ্জৰ হনুমান ফৰেষ্ট কেম্পৰ ওচৰত গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰে।

বন বিষয়াই জনোৱা অনুসৰি প্ৰায় তিনি চাৰিদিন পূৰ্বে গঁড়টো হত্যা কৰা হৈছে।

বিষয়াসকলে জানিবলৈ দিয়ে যে চলিত বছৰত উদ্যানখনত এইটোৱে প্ৰথম গঁড় হত্যাৰ ঘটনা।

লগতে চাওকঃ

হাস্পতালৰ পৰা পলাল কৰােনাত আক্ৰান্ত কয়দী! PPE Kit পিন্ধাই পুনৰ গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে!