ক’ৰনাত আক্ৰান্ত NSCN(IM)ৰ মুৰব্বী থুইগালেং মুইভা, সংকটজনক অৱস্থাত ICUত ভৰ্তি

July 25, 2021 0 By Biraj Kalita

ক’ৰনাত আক্ৰান্ত এন এছ চি এনৰ ইছাক-মুইভা গোটৰ মুৰব্বী থুইগালেং মুইভা।

নগা বিদ্ৰেহী সংগঠন এন এছ চি এন ইছাক-মুইভা গোটৰ সাধাৰণ সম্পাদক তথা মুব্বী মুইভাৰ শৰীৰত অক্সিজেনৰ পৰিমাণ হঠাতে হ্ৰাস পোৱাত সংকটজনক অৱস্থাত ডিমাপুৰৰ খ্ৰীষ্টান ইনষ্টিটিউট অব হেল্থ ছায়েন্স এণ্ড ৰিছাৰ্চ (ৰেফাৰেল হাস্পতাল)ত ভৰ্তি কৰোৱা হৈছে।

এন এছ চি এনৰ এগৰাকী শীৰ্ষ নেতাই জানিবলৈ দিয়ামতে ৮৭ বছৰীয়া থুইগালেং মুইভাই আজি বিয়লি তীব্ৰ জ্বৰত ভোগাত শৰীৰত হঠাতে অক্সিজেনৰ পৰিমাণ হ্ৰাস পায়।

লগে লগে চিকিৎসকৰ পৰামৰ্শমতে সন্ধিয়া ৬.৩০ বজাত ডিমাপুৰৰ চাৰিমাইলত থকা চি আই এছ আৰ ৰেফাৰেল হাস্পতালত ভৰ্তি কৰোৱা হয়।

চিকিৎসকসকলে এন এছ চি এনৰ মুৰব্বী মুইভাক প্ৰথমে জৰুৰী কক্ষত ভৰ্তি কৰায় যদিও শৰীৰত অক্সিজেন কমি যোৱাত ততালিকে আই চি ইউলৈ হস্তান্তৰ কৰে।

বৰ্তমান মুইভাক চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা অব্যাহত ৰাখিছে