কৰিমগঞ্জত অঘটনঃ ঘূৰ্ণী বতাহৰ কৱলত পৰি ৫যাত্ৰী সহ বুৰিল নাওঁ…

May 27, 2021 0 By Biraj Kalita

কৰিমগঞ্জৰ সোণবিলত অঘটন।

ঘূৰ্ণী বতাহৰ কৱলত পৰি ৫যাত্ৰী সহ বুৰিল নাওঁ।

ইয়াৰে ৩জনক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে বৰ্তমানেও কনো কোনো সন্ধান নাই ২ লোকৰ।

বুধবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত এই নাওঁ দুৰ্ঘটনাটো সংঘটিত হয়।

কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰ থানা ক্ষেত্ৰৰ সোণ বিলত বুধবাৰে বিয়লি ৪.৩০ত এই দুৰ্ঘটনা সংঘটিত হয়।

কৰিমগঞ্জ আৰক্ষী অধীক্ষক ময়ংক কুমাৰে জনোৱা অনুসৰি উদ্ধাৰ হোৱা সকলৰ ভিতৰত এটি ৭ বছৰীয়া শিশু আছে।

আনহাতে সন্ধানহীন হৈ থকা দুজনৰ ভিতৰতো এটি ১০ বছৰীয়া শিশু আছে।

উল্লেখযোগ্য যে, উজ্জ্বলা দাসৰ লগতে তেওঁৰ দহবছৰীয়া নাতি খুচি দাসো পানীত উটি যায় বুলি জানিব পৰা গৈছে ৷