কৰ্তব্যৰত আৰক্ষীৰ ওপৰত শিলগুটি আৰু বাঁহেৰে আক্ৰমণ যুৱকৰ…

June 9, 2021 0 By Biraj Kalita

খাৰুপেটীয়াৰ বাহাবাৰী গাঁৱত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত শিলগুটি আৰু বাঁহেৰে আক্ৰমণ যুৱকৰ।

জানিব পৰা মতে গাঁও অঞ্চলত আবেলি ২ বজাত সান্ধ্য আইন ঘোষণা হোৱাৰ পিচতো খাৰুপেটীয়া থানা এলেকাৰ একাংশ দোকানীয়ে দোকান খুলি বেচা কিনা কৰি থকাৰ লগতে সামাজিক দূৰত্ব নামানি অযথা ভিৰ কৰি থকা অৱস্থাত খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতি সহ আৰক্ষীৰ দল এটাই বাহাবাৰী গাঁৱত উপস্থিত হয়।

ঠাইখিনিত তেনে পৰিবেশ দেখা পাই ভিৰ কৰি থকা লোকসকলক যাবলৈ কোৱাত তাৰ মাজৰ পৰা খাইৰুল ইছলাম নামৰ বাহাবাৰী গাঁৱৰ এজন যুৱকে মালেক আলী নামৰ গৃহৰক্ষী জোৱান এজন শিলগুটি আৰু বাঁহেৰে আক্ৰমণ কৰে।

পিচত যুৱকজনক আৰক্ষীয়ে আটক কৰি গোচৰ নং 234/21 U/S 188/270/294/353/325 ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা ৩ কন্যা সন্তান

ভাৰতৰ সীমাত প্ৰৱেশ কৰা বাংলাদেশী কিশােৰক উপহাৰ দি স্বদেশলৈ ঘূৰাই পঠিয়ালে বি এছ এফে