কৰ্তব্যৰ পৰা উভতি অহাৰ পথত আৰক্ষী কনিষ্টবলক প্ৰহাৰ উদণ্ড যুৱকৰ…

July 13, 2021 0 By Biraj Kalita

কৰ্তব্যৰ পৰা উভতি অহাৰ পথত আৰক্ষী কনিষ্টবলক প্ৰহাৰ উদণ্ড যুৱকৰ।

তিনিচুকীয়াৰ দিহিংগীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা।

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে আৰক্ষী জোৱান গৰাকীক প্ৰহাৰ কৰা ভিডিঅ’।

ঘটনাৰ তথ্য অনুসৰি ময়ূৰ ৰঞ্জন দাস নামৰ আৰক্ষী জোৱান গৰাকীয়ে সোমবাৰে সন্ধিয়া কৰ্তব্য সমাপন কৰি ডিব্ৰুগড় দিশৰ পৰা মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বাহিনীলৈ আহি থকাৰ সময়তে সংঘটিত হৈছিল ঘটনাটো।

আৰক্ষী জোৱান গৰাকীয়ে পথৰ কাষতে থকা এখন হোটেলত চাহ খাবলৈ ৰোৱাৰ সময়তে হোটেলখনত আগৰ পৰা ৰৈ থকা একাংশ যুৱকৰ লগত মাক্স পৰিধান নকৰাকলৈ প্ৰথমে তৰ্ক বিতৰ্কত লিপ্ত হয়।

ইয়াৰ পিছতে জোৱান গৰাকীক প্ৰহাৰ কৰে সুৰামত্ব হৈ থকা যুৱক কেইগৰাকীয়ে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজনক আটক কৰিছে পানীতোলা আৰক্ষীয়ে।

আটকাধীন যুৱক কেইগৰাকী লাইপুলিৰ ভাষ্কৰ গোহাঁই, কিৰণ গোঁহাই আৰু কৌশিক গোঁহাই বুলি জানিব পৰা গৈছে।

বৰ্তমানেও পলাতক অৱস্থাত আছে আন তিনি যুৱক।