কৰ্মসূত্ৰে বেংগালুৰুত থকা অসমৰ একেটা পৰিয়ালৰ ৩জন অগ্নিদগ্ধ হৈ মৃত্যু, দুজন চিকিৎসাধীন…

June 6, 2021 0 By Biraj Kalita

এক মৰ্মান্তিক ঘটনা।

বেংগালুৰুত কৰ্মসূত্ৰে থকা অসমৰ এটা পৰিলায়ৰ বাসগৃহত যোৱা ১ জুনত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত অসমৰ পৰিয়ালটোৰ তিনিজন সদস্যৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়।

আনহাতে দুজনক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত পৰিয়ালটোৰ পাঁচজন লোক অগ্নিদগ্ধ হৈছিল।

জানিব পৰা মতে, অসমৰ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীড়ি সমষ্টিৰ কেকড়াগুল চাহ বাগিচাৰ পৰিয়ালটো।

ঘৰৰ মুৰব্বী মুন মালাই এটা বেচৰকাৰি সংস্থাত কামত যোগ দি পৰিয়ালৰ প্ৰতিপালন কৰি আছিল।

স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰাতত পৰিয়ালটোৰ আটাই কেইগৰাকী সদস্যকে উদ্ধাৰ কৰি ভিক্টোৰিয়া হাস্পতালত ভৰ্তি কৰোৱায়।

কিন্ত হাস্পতালত যোৱাৰ পিছত মুন মালাৰ পত্নী বিন্দা মালাৰ (৩৬) মৃত্যু হয়।

আনহাতে দেওবাৰে চিকিৎসাধীন অৱস্থাত তেওঁৰ মাতৃ লছমী মালা (৬৫) আৰু পুত্ৰ সম্ৰাট মালাৰো (১৪)মৃত্যু ঘটে।

ইপিনে হস্পাতালত মৃত্যুৰ সৈতে যুঁজ দি আছে মুন মালা আৰু তেওঁৰ ১২ বছৰীয়া কন্যা নিশা মালা।

দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰী সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে কেকড়াগুল চাহ বাগিচাৰ ৰাইজে।