কৰ্ম সূত্ৰে বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ বাবু শইকীয়া, পৰিয়ালত হাহাকাৰ
September 18, 2021নিউজ ডেস্ক। বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ মেৰাপানীৰ কাছমাৰীৰ যুৱক বাবু শইকীয়া নামৰ এজন লোক।
ঘটনা অনুসৰি, যোৱা দেওবাৰে সন্ধিয়া ৬ মান বজাত ককায়েকৰ ওচৰলৈ অহাৰে পৰা সন্ধানহীন হৈ আছে বাবু শইকীয়া নামৰ লোকজন।
ইয়াৰ পিছতে অন্য এজন ব্যক্তিয়ে ঘৰলৈ ফোনযোগে জানিবলৈ দিয়া মতে বাবু শইকীয়া নামৰ লোকজনৰ দুৰ্ঘটনা হয়। আৰু তেতিয়াৰে পৰা লোকজনৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ লগতে লোকজনৰ পৰিয়ালৰ সৈতে যোগাযোগ হোৱা নাই।
ইফালে, বাবু শইকীয়াৰ পত্নী, এজনী কন্যা আৰু এজন পুত্ৰ সন্তানে অধিৰ আগ্ৰহেৰে বাট চাই আছে, যাতে তেওঁ সোশৰীৰে ঘৰলৈ উভতি আহে।
পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত মেৰাপানী আৰক্ষী লগত যোগাযোগ কৰিছে যদিও আজিলৈকে লোকজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
উল্লেখ্য যে বাবু শইকীয়া নামৰ লোকজনে বিগত ডেৰ বছৰ ধৰি চেন্নাইত কৰ্মৰত হৈ আছিল।