খণ্ড উন্নয়ন বিষয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

June 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মাজুলী কমলাবাৰী সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

মাজুলী ব্লকৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে মাজুলী জিলা পৰিষদৰ সভাপতি পাপু দত্ত হাজৰিকা উক্ত বাহনত আছিল।

তেওঁলোক গৈ থকা এএছ-০৩ এম-২১৯২ ব’লেৰ বাহনখন পথৰ ওপৰতে বাগৰি পৰে।

লগে লগে দুয়োজনকে স্থানীয় লোকে উদ্ধাৰ কৰি গড়মূৰ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দুয়োজনে শৰীৰত কিছু আঘাতপ্ৰাপ্ত হোৱাত বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

লগতে চাওকঃ

হাতত ‘Made in China’ পিষ্টল, দামী গাড়ী লৈ ছাগলী চুৰি কৰিবলৈ আহি এই অৱস্থা হ’ল চােৰৰ…