খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি আল্লাৰ ওচৰত প্ৰাৰ্থনা নৈপৰীয়া ৰাইজৰ

September 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জল সম্পন্ন বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই ক্ৰমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ বান-খহনীয়াৰ সমস্যা।

এইবাৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি আল্লাৰ ওচৰত প্ৰাৰ্থনা বৰপেটা জিলাৰ চেঙাৰ মহচৰা গাঁওবাসীৰ।

আল্লাই খহনীয়া গ্ৰস্তলোকৰ এতিয়া এক মাত্ৰ ভৰসা কিয়নাে বিগত কেইবাটাও বছৰ ধৰি মহচৰা অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই আতংকৰ সৃষ্টি কৰাৰ পাছতাে ৰাইজক ইয়াৰ পৰা পৰিত্ৰাণৰ কােনাে উপায় দিব পৰা নাই জল সম্পদ বিভাগটােৱে।

শেহতীয়া বানেও মহচৰাত ত্ৰাসৰ সৃষ্টি কৰি মাত্ৰ এসপ্তাহৰ ভিতৰতে প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰৰ ক্ষতি সাধন কৰাৰ লগতে অঞ্চলটোৰ একমাত্ৰ পকী পথটিৰো বিস্তৰ ক্ষতিসাধন কৰে।

খহনীয়া অঞ্চল পৰিভ্ৰমণ কৰি বিধায়ক আশ্ৰাফুল হুছেইনে প্ৰতিৰোধৰ আশ্বাস দিলেও চৰকাৰী পক্ষই কোনো ধৰণৰ খা-খবৰ নল’লে।

চৰকাৰ তথা জল সম্পদ বিভাগৰ এনে অবহেলাত এতিয়া অসহায় মহচৰা গাঁওবাসীয়ে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে শেষ ভৰসা কৰিছে আল্লাৰ ওপৰত।