খহনীয়াৰ ৰূদ্ৰ ৰূপ, নিৰুপায় হৈ নেদেখাজনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা ভুক্তভোগী ৰাইজৰ…

June 3, 2021 0 By Biraj Kalita

কামৰূপৰ সোণতলীত খহনীয়া প্ৰতিৰোধকল্পে নেদেখাজনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা৷

আগ বাৰিষাতেই কালৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই৷

খহনীয়া প্ৰতিৰোধৰ বাবে আগবাঢ়ি অহা নাই চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ কিম্বা জনপ্ৰতিনিধি৷

কামৰূপৰ সোণতলীৰ পানীখাইতীত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা ভয়াৱহ খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠন৷

সমূহীয়া মোনাজাত কৰি নেদেখাজনৰ ওচৰত কাতৰ আহ্বান-খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰক সুমতি দিয়ক৷

বিভাগীয় মন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈও কাতৰ আহ্বান আমাক সুখ-শান্তিৰে বসবাস কৰিবলৈ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা সুনিশ্চিত কৰক৷

দক্ষিণ কামৰূপ জিলা জমিয়ত উলেমা হিন্দৰ প্ৰায় অৰ্ধ-শতাধিক সদস্যই সোণতলীৰ পানীখাইতী অঞ্চলৰ খহনীয়া এলেকাত উপস্থিত হৈ এইদৰে নেদেখাজনৰ ওচৰত মোনাজাত কৰি খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰাৰ্থনা জনায়৷

উল্লেখ্য যে, বিগত ২০ বছৰ ধৰি অব্যাহত থকা সোণতলীৰ পানীখাইতী অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰিও ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে৷

সোণতলীৰ পানীখাইতী অঞ্চলৰ জ্বলন্ত সমস্যা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নৱ-নিযুক্ত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা দেৱৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে জমিয়ত উলেমা হিন্দৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে।