খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, নিহত ১
November 20, 2021নিউজ ডেস্ক। লখিমপুৰ জিলাৰ ধলপুৰত পথ দুৰ্ঘটনা।
গুৱাহাটীৰ পৰা ধেমাজী অভিমুখে আহি থকা এ এছ-০১ ই চি ৮৫৫৬ নম্বৰ এখন চুপাৰে এগৰাকী চাইকেল আৰোহীক খুন্দা মাৰে ৷
চুপাৰখনৰ খুন্দাত চাইকেল আৰোহীজন থিতাতে মৃত্যু হয় ৷
মৃত লোকজন ধলপুৰ ৰজাবাৰীৰ নিবাসী চিৰঞ্জী দত্তৰ পুত্ৰ কিনাৰাম দত্ত (৬০) বুলি জানিব পৰা গৈছে ৷
চুপাৰখনে কিনাৰাম দত্তক খুন্দা মাৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰজাবাৰী ৰংগমঞ্চৰ সন্মুখৰ এটা দ-খাৱৈত একতিয়া হৈ সোমাই যায় ৷
গাড়ীখন দখাৱৈত সোমাই পৰাত বাহনখনৰ ভিতৰত থকা বহু কেইগৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয় ৷
যাত্ৰীসকলক স্থানীয় ৰাইজ আৰু ধলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি ধলপুৰ চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে ৷
দুৰ্ঘটনাগ্ৰস্ত চুপাৰখনত প্ৰকৃততে কিমান যাত্ৰী আছিল তাৰ কোনো সঠিক তথ্য লাভ কৰিব পৰা হোৱা নাই ৷
ঘটনা সংঘটিত কৰি গাড়ীখনৰ চালককে আদিকৰি ষ্টাফ সকলো পলায়ন কৰে ৷