খেতিপথাৰত উদ্ধাৰ ৩ টাকৈ মৃত শগুণ
December 16, 2021নিউজ ডেস্ক। বিলুপ্তপ্ৰায় হিমালয়ান গ্ৰিফান প্ৰজাতিৰ ৪ টাকৈ শগুণ অসুস্থ অৱস্থাত উদ্ধাৰ হ’ল কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ মনপুৰত।
ইয়াৰে তিনিটা শগুণৰ ইতিমধ্যে মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। ইয়াৰে এটা শগুণ আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ৰাণী স্থিত শগুণ সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।
ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ লােকে ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটনৰ প্ৰয়াস চলাইছে যদিও এই সন্দৰ্ভত কােনাে আনুষ্ঠানিক তথ্য প্ৰদান কৰা নাই।
লগতে চাওকঃ
আবেগিক মুহূৰ্ত! শ্বহীদ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ সমস্ত দায়িত্ব পালন সতীৰ্থ জোৱানৰ