গঁড়ৰ খৰ্গত জুই দিয়া ড্ৰােনাে জ্বলি ছাঁই হ’ল অগ্নিকুণ্ডত
September 23, 2021নিউজ ডেস্ক। বোকাখাতত গড় দিৱসৰ দিনাই অঘটন।
দপদপকৈ জ্বলি উঠিল এখন ব্যয়বহুল ড্ৰােন।
বোকাখাতত অনুষ্ঠিত হোৱা গড়ৰ খৰ্গ দাহন কাৰ্যসূচীৰ বাবে এখন অত্যাধুনিক ড্ৰােন অনা হৈছিল। যিখন ড্ৰােনৰ জৰিয়তে গঁড়ৰ খৰ্গসমূহত অগ্নি সংযোগ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
সেই ড্ৰােনখনে গড়ৰ খৰ্গখিনিত অগ্নি সংযোগ কৰাৰ পিছতেই ঘটিল অঘটন।
উক্ত দ্ৰোনখন সোমাই পৰে গঁড়ৰ খৰ্গৰ অগ্নিকুণ্ডত। ছটা স্থানত এই ড্ৰােনখনৰ জৰিয়তে অগ্নি সংযোগ কৰাৰ কথা আছিল যদিও ড্ৰােনখনে প্ৰথমটো ভাটিতে অগ্নিসংযোগ কৰোতে খৰ্গৰ লগত ভস্মীভূত হয়।
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ড্ৰােনখন পৰিচালনা কৰিছিল যদিও লগত উপস্থিত আছিল কাৰিকৰী নিৰ্দেশকো।