গাঁওৰক্ষী বাহিনীৰ অভিযানত আটক ৫ গৰু চোৰ

July 17, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। ৰাজ্যত গাে-সুৰক্ষাৰ বাবে চৰকাৰে আইন প্ৰণয়ন কৰিছে।

ইয়াৰ মাজতে বিভিন্ন জিলাত অব্যাহত আছে গৰু চোৰাং ব্যৱসায়। আনকি কােনাে কােনাে ঠাইত গৰু চুৰি চক্ৰও সক্ৰিয় হৈ আছে।

এইবাৰ মৰাণত আৰক্ষীৰ জালত পৰিল পাঁচটাা গৰু চোৰ। জব্দ হ’ল চাৰিটাকৈ চুৰি গৰুক।

মৰাণত গাঁওৰক্ষী বাহিনীৰ সহযোগত মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গভাইত গৰু চোৰ কেইটাক।

উল্লেখ্য যে খুমটাই শোলমাৰীৰ পৰা সঘনাই গৰু চুৰি হোৱাত স্থানীয় গাঁওৰক্ষী বাহিনীয়ে নিশা পহৰা দি অহাত শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত খুমটাই শোলমাৰী ঘোগৰাবস্তিত চাৰি গৰুসহ পাঁচটাকৈ চােৰক আটক কৰি মৰাণহাট আৰক্ষীক গতাই দিয়ে।

চোৰকেইটা ক্ৰমে খুমটাই চুকলিয়াগাঁৱৰ ৰাজু তাঁতি ওৰফে ডাউক (২৩), ঔফুলীয়া বাগান পুৰণা লাইনৰ ৰােহিত তাঁতি ওৰফে ভৈৰা তাঁতি (২৪), খুমতাই চুকুলিয়া ১নং লাইনৰ বিশাল তাঁতি (২১) আৰু একে গাঁৱৰে ৰাহুল গুৰুঙ।

লগতে চুৰি গৰু ক্ৰেতা ১নং খুমটাই জকপথাৰৰ আবিদ শ্বাহ (২৪)ক মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।