গাঁও পঞ্চায়তৰ সভাপতি জিয়াৰুল হকৰ আকস্মিক বিয়োগ

June 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দৰং জিলাৰ দলগাঁও খাৰুপেটীয়াৰ ওজাগাঁও পঞ্চায়তৰ সভাপতি জিয়াৰুল হকৰ বিয়োগ।

খাৰুপেটীয়া নিকটৱৰ্তী বাঘোমাৰি ওজাগাঁও গাঁৱৰ যুৱ সমাজ কৰ্মী তথা ওজাগাঁও গাঁও পঞ্চায়ত সভাপতি জিয়াৰুল হক (৩৫)ৰ অকাল মৃত্যু ঘটে।

তেওঁৰ অকাল বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

জানিব পৰামতে, শনিবাৰে নিশা উচ্চৰক্তচাপ ষ্ট্ৰ’ক হৈ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।

ৰবিবাৰে দুপৰীয়া ক’ভিড প্ৰট’কল মানি নিজা বাসভৱন প্ৰাংগনত তেখেতৰ জানাজা সম্পন্ন কৰা হয়।

প্ৰয়াত জিয়াৰুল হক পঞ্চায়তৰ সভাপতিৰ উপৰিও বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল।

তেখেতৰ অকাল মৃ্ত্যুত বিধায়ক মজিবুৰ ৰহমান, কংগ্ৰেছ, এআইইউডিএফ, খাৰুপেটীয়া প্ৰেছ ক্লাব, দলগাঁও প্ৰেছ ক্লাব, আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, জমিয়তি উলমাহিন ইত্তিফাহিদ আদি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।