গাঁতত পুতি থোৱা অৱস্থাত গুলিসহ পিষ্টল উদ্ধাৰ

July 25, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। বাক্সা জিলাৰ মুছলপুৰত দুৰ্গম অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত সজীৱ গুলিসহ পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰি পথাৰ গাঁৱৰ অতি দুৰ্গম অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ পিষ্টলসহ দুটা সজীৱ গুলি।

উল্লেখ্য যে কিছুদিন পূৰ্বে বেলগুৰি পথাৰ গাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হীৰকজ্যোতি ডেকা নামৰ ডকাইতজনক।

ডকাইতজনৰ স্বীকাৰোক্তিৰ ভিত্তিত জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতা আৰু মুছলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৰেন সোণোৱালৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে ধৃত ডকাইতজনক লগত লৈ অবৈধ পিষ্টলটো আজি উদ্ধাৰ কৰে।

উল্লেখ্য যে বিগত তিনি-চাৰি বছৰ ধৰি মুছলপুৰ আৰু বৰমা অঞ্চলত ডকাইতিৰে সন্ত্ৰাস সৃষ্টি কৰা হীৰকসহ ছয় ডকাইতক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল মুছলপুৰ আৰক্ষীয়ে।