গাঞ্জা সৰবৰাহকাৰীৰ হাতত AK-47, লামডিং ৰে’লৱে ষ্টেচনত জব্দ গাঞ্জাসহ মাৰণাস্ত্ৰ…

April 6, 2022 0 By Biraj Kalita

গাঞ্জা সৰবৰাহকাৰীৰ হাতত AK 47।

লামডিঙত দেওঘৰ এক্সপ্ৰেছত গাঞ্জাসহ জব্দ অবৈধ মাৰণাস্ত্ৰ।

ৰে’লেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়তে জব্দ কৰা হয় অত্যাধুনিক মাৰণাস্ত্ৰ।

১৫৬২৫ উজনিমুৱা দেওগড় আগৰতলা এস্কপ্ৰেছ ৰেলৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ৷

ৰেলখনৰ এটি সাধাৰণ শ্ৰেণীৰ ডবাৰ এটি বেগৰ পৰা ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে এটি AK 47 বন্দুক৷

লামডিং ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত গাঞ্জাসহ বন্দুকটো উদ্ধাৰ হয় যদিও বন্দুকটোৰ সৈতে নাছিল কোনোধৰণৰ সজীৱ গুলী।

উদ্ধাৰ হোৱা বন্দুকটো কঢ়িয়াই অনা যুৱকজনে আৰক্ষীয়ে ডবাটোত তালাচী চলোৱা সময়তে পলাই যাবলৈ সক্ষম হয়৷

ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক বিচাৰি লামডিঙত তালাচী আৰম্ভ কৰিছে৷

ৰেল আৰক্ষীয়ে মাৰণাস্ত্ৰটো ঝাৰখণ্ডৰ পৰা আগৰতলা অভিমুখে নিয়াৰ সন্দেহ কৰিছে ৷