গাড়ীসহ সন্ধানহীন নলবাৰীৰ যুৱক, গাড়ী চোৰ চক্ৰৰ কবলত পৰাৰ সন্দেহ

February 6, 2022 0 By NEWS DESK

নিউজ ডেস্ক। গাড়ীসহ এজন যুৱক সন্ধানহীন হােৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰীত।

শুকুবৰাৰে আবেলিৰ পৰা গাড়ীসহ সন্তানহীন হৈ আছে নলবাৰীৰ পুষ্পকপুৰৰ উজ্জ্বল মালাকাৰ নামৰ যুৱকজন।

জানিব পৰামতে, উজ্জ্বলে নিজৰ এ এছ-১৪ এফ-৫৯৭৫ নম্বৰৰ অল্ট’ ৮০০ খন নলবাৰী নাট্য মন্দিৰৰ ওচৰলৈ আহে।

তাৰে পৰা এজন অচিনাকি লোকক লৈ গুৱাহাটীলৈ যায়।

উজ্জ্বলে বিয়লি তিনি বজাত তেওঁৰ এজন বন্ধুলৈ ফোন কৰি গুৱাহাটীলৈ ভাড়া লৈ যোৱা বুলি জনাইছিল। কিন্তু তাৰে দুঘণ্টামান পিচৰ পৰাই চালকজনৰ ম’বাইল ফোনটো বন্ধ হৈ আছে।

এনেদৰে কালি বিয়লি পাঁচ বজাৰ পৰাই উজ্জ্বলৰ ফোন বন্ধ হৈ থকাত আৰু তেওঁৰ লগত কোনো যোগাযোগ কৰিব নোৱাৰাত পৰিয়ালৰ লোকসকল উদ্বিগ্ন হৈ পৰিছে।

শনিবাৰে সন্ধানহীন চালকজনৰ পিতৃ মদন মালাকাৰে পুত্ৰ নিৰুদ্দেশ হোৱা সন্দৰ্ভত নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।

এটি পোন্ধৰদিনীয়া কেঁচুৱাৰ পিতৃ উজ্জ্বল মালাকাৰ গাড়ী চোৰ চক্ৰৰ কবলত পৰা বুলি আশংকা কৰিছে বিভিন্নজনে।

ইপিনে, শেহতীয়াভাৱে প্ৰাপ্ত বাতৰি অনুসৰি, উজ্জ্বল মালাকাৰ নামৰ গাড়ীচালক জন দেওবাৰ সন্ধিয়া পুনৰ স্বগৃলৈ উভতি আহে।

তেওঁ পৰিয়ালৰ লােকক অৱগত কৰা মতে, গাড়ী চুৰি চক্ৰই তেওঁক অচেতন কৰি তথা মাৰপিট কৰি গাড়ীখন চুৰি কৰি নিয়ে। কিন্তু সৌভাগ্যক্ৰমে তেওঁৰ প্ৰাণৰক্ষা পৰে।

পৰিয়ালৰ লােকে অসুস্থ উজ্জ্বল মালাকাৰক চিকিৎসালয়ত ভৰ্তি কৰাইছে।

লগতে চাওকঃ

মৰ্মান্তিক! দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি মাতৃৰাে প্ৰাণ ত্যাগ

গাড়ী চুৰি চক্ৰৰ কবলৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিল উজ্জ্বলৰ, চিকিৎসালয়ত ভৰ্তি