গাড়ীসহ ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ আৰক্ষীৰ…
September 16, 2021নিউজ ডেস্ক। ৰাজ্যত ৰন্ধন গেছৰ কৃত্ৰিম নাটনিৰ মাজতে ডিব্ৰুগড় জিলাৰ আৰক্ষীৰ অন্তৰ্গত মহমৰা চাহবাগিচাৰ ৰাস্তাৰ কাষৰ খালী ঠাইত মঙলবাৰে মাজ নিশা ৰন্ধন গেছ ভৰ্তি গাড়ীৰ পৰা গেছ চুৰি কৰি থকাৰ সময়তে মৰাণ আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলায়।
অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই গাড়ী চালকসহ চুৰি কাৰ্যত জড়িত সকল পলাই যাবলৈ সক্ষম হয়।
তাৰ পাছতে আৰক্ষীয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই অনা এএছ-২৩বিচি-৬৬৪৭ নম্বৰৰ ট্ৰাকসহ চিলিণ্ডাৰ সমূহ জব্দ কৰি মৰাণ আৰক্ষী থানালৈ লৈ যায়।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাৰ সময়ত প্ৰায় ৪৮টা খালী চিলিণ্ডাৰ গাড়ীৰ ওচৰতে পৰি আছিল আৰু ২৭ টা গেছ ভৰ্তি চিলিণ্ডাৰ নমাই অনা হৈছে।
আনহাতে, গেছ ভৰ্তি ট্ৰাকখনত কিমান চিলিণ্ডাৰ আছিল সেয়া হিচাপ কৰিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত আছে।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি গেছ ভৰ্তি ট্ৰাকখন তিনিচুকীয়াৰ পৰা নাগালেণ্ডৰ মুকুক চুংঙলৈ নিছিল।
উল্লেখ্য যে ৰন্ধন গেছৰ নাটনিৰ লগতে ৰন্ধন গেছৰ অত্যধিক মল্যবৃদ্ধিৰ সময়তে এক বৃহৎ চক্ৰই দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত গেছ, তেলৰ চুৰিকাৰ্যৰ ৰমৰমীয়া ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে।