গুট্খা বিক্ৰেতাসকলৰ বাবে নতুন নিৰ্দেশনা, পঞ্জীয়নভুক্ত দোকানতহে বিক্রী হ’ব ধঁপাত-চিগাৰেট…

July 18, 2021 0 By Biraj Kalita

গুট্খা বিক্ৰেতাসকলৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা।

এতিয়াৰ পৰা মন গলেই বিক্ৰী কৰিব নোৱাৰিব গুট্খা।

গুৱাহাটী পৌৰ নিগমৰ পঞ্জীয়নভুক্ত দোকানতহে এতিয়াৰ পৰা ধঁপাত, গুট্খা, চিগাৰেট আদি সামগ্রী বিক্রী কৰিব পাৰিব৷

শনিবাৰে পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ধঁপাত বিক্রীৰ বাবে পঞ্জীয়নভুক্ত দোকানসমূহে জি এম চিৰ পৰা অনুজ্ঞা–পত্র ক্রয় কৰিব লাগিব।

উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰামর্শ মতে জি এম চি কর্তৃপক্ষই শনিবাৰে এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷

নিগমৰ আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্রণ শাখা, মহানগৰ আৰক্ষী আয়ুক্তৰ প্রতিনিধি, গ্রাহক সুৰক্ষা আয়োগৰ লগতে আন কেইবাটাও সংস্থাৰ প্রতিনিধি উপস্থিত থাকে।