গুলীবিদ্ধ কুখ্যাত চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক GMCH লৈ প্ৰেৰণ…
July 21, 2021গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছে কুখ্যাত চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক।
বঙাইগাঁৱত নিশা আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল এই কুখ্যাত চুপাৰি মাফিয়াটোৱে।
তাৰপাছতে আৰক্ষীয়ে আব্দুল হান্নানৰ বাঁওভৰিত গুলী কৰিছিল।
আব্দুল হান্নানক বাধা দিয়া সময়তে আঘাতপ্ৰাপ্ত হৈছিল এগৰাকী আৰক্ষী বিষয়াও।
চুপাৰি তদন্তৰ বাবে ছাপ্ৰাকাটলৈ লৈ যোৱাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা।
প্রথম বাবলুক ভৰ্তি কৰা হৈছিল বঙাইগাঁও জিলা হাস্পতালত।