গুলীবিদ্ধ দুর্ধর্ষ ডকাইত আবু বক্কৰৰ GMCHত মৃত্যু…

June 13, 2021 0 By NEWS DESK

নলবাৰী আৰক্ষী আৰু ডকাইতৰ মাজৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসাধীন হোৱা দুর্ধর্ষ ডকাইত আবু বক্কৰৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷

বৃহস্পতিবাৰে নিশা মৃত্যু হয় দুর্ধর্ষ ডকাইত আবু বক্কৰৰ।

উল্লেখ্য যে যোৱা ৩ জুনৰ মাজনিশা নলবাৰী চহৰৰ সমীপৰ মুগকুছিত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল৷

নলবাৰী সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্রাপাৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যুটীয়া অভিযান চলাই হাজো–নলবাৰী ৰোডৰ মুগকুছি চ’কত আৰক্ষীৰ সৈতে এখন বিলাসী বাহনত অহা এটা ডকাইতৰ দলৰ স’তে মুখামুখি হোৱাৰ পাছত আৰক্ষী আৰু ডকাইতৰ মাজত প্রচণ্ড গুলীয়াগুলী হয়৷

এই গুলীয়াগুলীৰ ঘটনাত কুখ্যাত গৰুচোৰ, ড্রাগ্ছ মাফিয়া, এ টি এম চোৰ, ডকাইত আবু বক্কৰ ছিদ্দিক ওৰফে বক্কৰ, বিজু আহমেদ আৰু ৰুবুল হুছেইনক আৰক্ষীয়ে গুলীবিদ্ধ কৰি কৰায়ত্ত কৰিছিল যদিও আন তিনিজন ডকাইত পলাই যায়।

উল্লেখ্য যে জিলাখনৰ মুকালমুৱা থানাৰ অন্তর্গত গলদীঘলা গাঁৱৰ কুখ্যাত আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে ৰাজ্যত আছে দহটাতকৈ অধিক গোচৰ৷ অসম আৰক্ষী আৰু মেঘালয় আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত দহটাৰো অধিক গোচৰ থকাৰ কথা আৰক্ষীৰ প্রাথমিক তদন্তত ধৰা পৰিছে৷

ইতিমধ্যে অসম আৰক্ষীয়ে অভিযান অব্যাহত থকাৰ মাজতেই দুর্ধর্ষ ডকাইতটোৰ মৃত্যু ঘটে।

লগতে চাওকঃ

৮ ঘণ্টা জোৰা অভিযান! ১৮০ ফুট গভীৰ গাঁতৰ পৰা জীৱন্তে উদ্ধাৰ ৪ বছৰীয়া শিশু

কিংবদন্তি বক্সাৰ মহম্মদ আলীৰ কাহিনী আৰু পিতৃ-মাতৃৰ অনুপ্ৰেৰণাৰ বাবেই বক্সিঙলৈ আহিলােঃ লাভলিনা বৰগােহাঁই