গুলীবিদ্ধ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

October 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণীখাতা বনাঞ্চলৰ অন্তৰ্গত ডেউশ্ৰী কৰায়বাৰী নিজৰাৰ পাৰত এটি গুলীবিদ্ধ হাতী অসুস্থ অৱস্থাত উদ্ধাৰ।

দুপৰীয়াৰ ভাগত বন্যহস্তীটোৰ তথ্য লাভ কৰি বন বভাগক অৱগত কৰে।

ঘটানাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় যদিও কোনো চিকিৎসাৰ ব্যৱস্থা নকৰিলে বন্যহস্তীটোক।

অৱশেষত সন্ধিয়াৰ পৰত আঘাতপ্ৰাপ্ত হাতীটোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।

এই ঘটনাই অঞ্চলটােৰ প্ৰকৃতিপ্ৰেমী জনসাধাৰণৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।