গুৰুজনাৰ জন্মস্থানত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ গণ স্বাক্ষৰ অভিযান

November 18, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ ফাৰুক আহমেদ। মৰিগাঁও জিলাৰ মৈৰাবাৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ জন্মস্থান পাতেকিবড়ী সত্ৰত জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসম প্ৰান্তৰ মৰিগাঁও জিলা সমিতিৰ নেতৃত্বত জন-স্বাক্ষৰ অভিযানৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

জনসংখ্যা সমাধানৰ ফাউণ্ডেচনৰ শীৰ্ষ গীতেৰে আৰম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা আহ্বায়ক পুলিন কাকতিৰ লগতে মৰিগাঁও জিলা যুৱ শক্তি অধ্যক্ষ মিলন কাকতি সমাজ সচেতক তুলেন মেধি সহ জিলা খনৰ বহু কেইজন গন্য মান্য লোক।

জিলা সংযোজক পুলিন কাকতিয়ে আঁত ধৰা অনুষ্ঠানত পাটেকীবৰি থানৰ মুখ্য পূজাৰী গৰাকীয়ে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ৰাইজক অবগত কৰাৰ লগতে জনসংখ্যা সমাধান ফাউণ্ডেচনক সদায় সহায় সহযোগ কৰি যাব বুলি মন্তব্য কৰে।

লগতে সত্ৰ সাধাৰণ সম্পাদক সহ বহু কেইজন সত্ৰৰ কৰ্মকৰ্তাৰে গণ স্বাক্ষৰ বিষয়ে ৰাইজক বুজাই দিয়াত সকলোৱে আনন্দিত হয় আৰু পৰৱৰ্ত্তী সময়ত অনুষ্ঠানত উপষ্ঠিত থকা সকলোয়ে এই অভিযানত সক্ৰিয় সহায় সহযোগ কৰা আশ্বাস প্ৰদান কৰাৰ লগতে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে।