গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত সপত্নীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
July 21, 2021গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰী মন্ত্ৰী ড৹ শৰ্মাৰ প্ৰচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ মজিয়া আৰু উন্নত প্ৰযুক্তিগত চিলিং উন্নয়ন, বৈদ্যুতিকৰণৰ কামৰ লগতে খুঁটাৰ ৰঙকে ধৰি যাৱতীয় সকলোখিনি কৰি দিব বুলি মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে সেই কথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ আগত প্ৰকাশ কৰিছিল।
বুধবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকী ভূঞাক লগত লৈ সেই কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
এই কামৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বটদ্ৰৱা থানৰ মজিয়াৰ লগতে সৌন্দর্য বৃদ্ধিৰ কামৰ ক্ষেত্ৰত “ৰাজধানী মাৰ্বলছ” আৰু প্ৰাইডিচ এণ্টাৰটেইনমেণ্ট”ৰ লগতে বহুকেইজন সুহৃদৱান লোকৰ সহযোগিতাত এই কাম কৰা হৈছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে।
Asked PWD officials & #Batadrava Than Management Committee to prepare a detailed proposal for complete rejuvenation of the Than premises, which include Bohas, Sabha Ghar, office room among other facilities. 2/2 pic.twitter.com/FNjwjjvB9e
— Himanta Biswa Sarma (@himantabiswa) July 21, 2021
তদুপৰি বহু পুৰণি বহাকে ধৰি থান পৰিচালনা সমিতিৰ কাৰ্যালয় আৰু সভাগৃহ ন-ৰূপত সজোৱাৰ বাবে ইতিমধ্যে লোক নিৰ্মাণ বিভাগক দায়িত্ব দিয়া বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
দুপৰীয়া হেলিকপ্টাৰেৰে বটদ্ৰৱাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° শৰ্মা। তেওঁক সংগ প্ৰদান কৰে পত্নী ৰিনিকি ভূঞা শৰ্মাই।
Feeling immensely blessed to visit the sacred land of Batadrava, Nagaon along with my wife @rinikibsharma to unveil the construction work for 'Monikut Kirtan Ghar' & 'Naatghar' at Sri Sri Batadrava Than. It will be developed as an important cultural & tourism destination 1/2 pic.twitter.com/Lwkn34UOfS
— Himanta Biswa Sarma (@himantabiswa) July 21, 2021