গুৱাহাটীত পাঁচ লাখতকৈও অধিক লোকে গ্ৰহণ কৰিছে ক’ভিড ভেকচিনঃ মুখ্যমন্ত্ৰী

May 28, 2021 0 By Biraj Kalita

ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

ইয়াৰ মাজতে ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰিছে ভেকচিনেশ্যন কাৰ্যসূচী।

ভেকচিনেশ্যন কাৰ্যসূচী সূচাৰুৰূপে চলি থকাৰ সময়তে গুৱাহাটীৰ ভেকচিনেশ্যন সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-গুৱাহাটীত পাঁচ লাখতকৈও অধিক লোকে গ্ৰহণ কৰিছে ক’ভিড ভেকচিন।

মুখ্যমন্ত্ৰী শৰ্মাই চ’চিয়েল মিডিয়াৰ জৰিয়তে কয়, ‍‘আমি ইতিমধ্যে গুৱাহাটীত ৫ লাখৰো অধিক লোকক টিকাকৰণ কৰিছো, যিটো কামৰূপ মেট্ৰ’ জিলাৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশতকৈও অধিক’।

গুৱাহাটীত বাকী থকা লোকক ভেকচিন প্ৰদানৰ ক্ষেত্ৰত বিভাগীয় লোকসমূহে অতিৰিক্তভাৱে কাম কৰি থকা বুলিও উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অসমত এই পৰ্যন্ত মুঠ ৩৯,৭৯,৮২৮ গৰাকী লোকে ভেকচিন গ্ৰহণ কৰিছে।

ইয়াৰে ৩১,৬০,৭২৪ গৰাকীয়ে ভেকচিনৰ প্ৰথম ড’জ আৰু ৮,১৯,১০৪ গৰাকীয়ে দ্বিতীয় ড’জ গ্ৰহণ কৰিছে।