গুৱাহাটীত সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে বৃহৎ অভিযান, কেইবাটাও সুৰাৰ ঘাটি উৎখাত…
March 15, 2022গুৱাহাটীত সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে বৃহৎ অভিযান আৱকাৰী বিভাগৰ।
আদিংগিৰি, কালীখুলা অঞ্চলত চলিল আৱকাৰী বিভাগৰ অভিযান।
অভিযান কালত কেইবাটাও সুৰাৰ ঘাটি উচ্ছেদ কৰে আবকাৰী বিভাগে।
এই অভিযানৰ সময়চোৱাত জব্দ হয় ১৫ কেজি চুলাই প্ৰস্তুতকাৰী সামগ্ৰী।
লগতে ১১৫ লিটাৰ চুলাই সহ বিভিন্ন সা সামগ্ৰী জব্দ কৰে আবকাৰীৰ দলে।
অৱশ্যে ঘটনাস্থলীৰ পৰা কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আবকাৰী বিভাগে।
আনহাতে, নিয়মীয়াকৈ এই অভিযান চলিব বুলি উল্লেখ কৰিছে বিভাগটোৰ শীৰ্ষ বিষয়াই।