গুৱাহাটীলৈ বুলি ৫০ লক্ষাধিক মূল্যৰ চাহপাত কঢ়িয়াই অনা ট্ৰাক সন্ধানহীন…

July 3, 2021 0 By Biraj Kalita

গুৱাহাটীলৈ বুলি ৫০ লাখ টকাৰ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক মাজবাটতে সন্ধানহীন।

বিশ্বনাথৰ পৰা গুৱাহাটী আহি আছিল ট্ৰাকখন।

পিছে মাজবাটতে ৰহস্যজনক ভাবে সন্ধানহীন হৈ পৰে ট্ৰাকখন।

১৮ টন চাহপাত লৈ বিশ্বনাথৰ পৰা গুৱাহাটীলৈ যোৱা ট্ৰাকখন ৰহস্যজনকভাৱে সন্ধানহীন হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷

হেলেম চাহ বাগিচাৰ ৩ টন আৰু মোনাবাৰী চাহ বাগিচাৰ ১৫ টন মিলাই মুঠ ১৮ টন চাহপাত লৈ বিশ্বনাথৰ পৰা গুৱাহাটীলৈ গৈছিল ট্ৰাকখন৷

প্ৰায় ৫০ লাখ টকাৰ চাহপাত লৈ উধাও হোৱা গাড়ীখনৰ চালক জন কোকৰাঝাৰৰ চানোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৭ জুনত ইষ্টাৰ্ন ৰোড কেৰিয়াৰৰ এজেণ্ট ৰামবাবুক লখিমপুৰৰ আলী নামৰ এজন দালালে গুৱাহাটীলৈ আনিবলৈ এ এচ ০১ ডি ডি ১৬৩৭ নম্বৰৰ ১২ চকাৰ পাঞ্জাৱ বডি ট্ৰাক খন যোগান ধৰে।

২৮ জুনত গুৱাহাটী লৈ বুলি ৰাওনা হোৱাৰ পথত বিশ্বনাথৰ বাঘমাৰীত থকা হিন্দুস্তান পেট্ৰ’লিয়াম তেল ডিপুত তেল ভৰাবলৈ আহে।

ডিপুটোতে এজেণ্ট গৰাকীয়ে গাড়ী খনৰ কাগজ পাতি পৰীক্ষা কৰি লোড কৰা সামগ্ৰীৰ চালান বনাই লগতে ১৫ হাজাৰ টকা আগধন দি গাড়ীখন গুৱাহাটীলৈ পঠিয়াই দিয়ে। সেই সময়তে ডিপুৰ চি চি টি ভি কেমেৰাতো বন্দী হয় ট্ৰাক খন আৰু চালক জন।

কিন্তু ২৯ জুনত গাড়ীখন গন্তব্য স্থান নোপোৱাত হাহাকাৰ লাগে। লগে লগে চালক জনলৈ এজেণ্ট ৰাম বাবুয়ে ফোন কৰে যদিও মোবাইলৰ চুইছ অফ থাকে চালক জনৰ।

ইয়াৰ পিছতে এজেণ্ট গৰাকীয়ে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত চালক আৰু গাড়ীখনৰ নথি পৰীক্ষা কৰি জানিব পাৰে যে গাড়ীখনৰ নথি পত্ৰ সম্পূৰ্ণ ভুৱা আৰু সেই একে নম্বৰৰ বেলেগ এখন গাড়ীও আছে।

ইতিমধ্যে ইষ্টাৰ্ণ ৰোড কেৰিয়াৰ প্ৰাইভেট লিমিটেড নামৰ ট্ৰেন্সপোৰ্ট কোম্পানীৰ এজেন্টজনে জিনজিয়া থানাত দাখিল কৰা এজাহাৰ ভিত্তিত যোৱা ৩০ জুনত ৯৮/২০২১ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই।