গুৱাহাটীৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী, প্ৰশাসনৰ সৈতে জৰুৰী বৈঠক…

July 8, 2021 0 By Biraj Kalita

কামৰূপ মহানগৰ জিলাত পুনৰ দৈনিক ভয়াৱহভাৱে বৃদ্ধি হৈ আছে ক’ভিডৰ সংক্ৰমণ।

কামৰূপ (মহানগৰ) জিলাৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ আৰু মহানগৰ জিলা প্ৰশাসনৰ সৈতে জৰুৰী পৰ্যালোচনা বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

বুধবাৰে নিশা এনএইচএম, অসমৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক।

কামৰূপ মহানগৰ জিলাত পুনৰ দৈনিক ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধিৰ আশংকা পৰিলক্ষিত হোৱাৰ পাছতে এই পৰ্যালোচনাত বহে স্বাস্থ্যমন্ত্ৰী।

বৈঠকত উপস্থিত আছে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, এনএইচএমৰ অভিযান সঞ্চালক, স্বাস্থ্যসেৱা সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ), চিকিৎসা শিক্ষা সঞ্চালক, মহানগৰ জিলাৰ উপায়ুক্ত, যুটীয়া আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকল।

বৈঠকত কামৰূপ মহানগৰ জিলাত অধিক কঠোৰভাৱে ক’ভিডৰ নিয়ম বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মৰিগাঁও, গোৱালপাৰা আৰু কামৰূপ জিলাৰ পৰা মহানগৰ জিলালৈ থকা প্ৰৱেশপথসমূহত আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা অধিক ফলপ্ৰসূ আৰু কঠোৰ ভাৱে বলৱৎ কৰাৰ নিৰ্দেশ মহানগৰ আৰক্ষীক।

জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীয়ে বৃহস্পতিবাৰৰ পৰাই বিয়লি ৫ বজাৰ পাছৰ ক’ভিড নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰতা অৱলম্বন কৰিব।

মহানগৰৰ তিনিওখন আৰক্ষী জিলা এলেকাত প্ৰশাসন-আৰক্ষীৰ যৌথ টাস্ক ফোৰ্চে মাস্ক নিপিন্ধা লোক, বিয়লি নিষেধাজ্ঞা ভংগ কৰি ৰাজপথত তহল দিয়া লোক তথা আইন ভংগকাৰীৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাব।

উল্লেখ্য যে, অসমত বুধবাৰৰ দিনটোত নতুনকৈ ২২৮৯ গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

ইয়াৰে কামৰূপ মহানগৰ জিলাত ১৮১ গৰাকী আক্ৰান্ত হৈছে।

মঙলবাৰে কামৰূপ মহানগৰত ২০৩ গৰাকী আক্ৰান্ত হৈছিল।

বৰ্তমানে অসমত কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২০২৪জন ৰোগী।