গুৱাহাটীৰ পৰা গাড়ী লৈ গােৰেশ্বৰলৈ গৈছিল ছাগলী চুৰি কৰিবলৈ, হ’ল এই দশা…

September 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বাক্সা জিলাৰ গোৰেশ্বৰত দিন-দুপৰতে বিলাসী গাড়ী লৈ ছাগলী চুৰ কৰিবলৈ অহা চাৰি চোৰক উত্তম-মাধ্যম শোধায় স্থানীয় লোকে।

বিলাসী গাড়ী লৈ ফুৰা চোৰৰ দলটোক কৰায়ত্ত কৰি গোৰেশ্বৰ আৰক্ষীক গতাই দিয়ে মুকন্দপুৰৰ ৰাইজে।

স্থানীয় ৰাইজৰ ভাষ্য মতে নাওকাটাৰ পৰা গোৰেশ্বৰ অভমুখে এ এছ-০১ ইউ-৪৬৯৯ নম্বৰৰ এখন নীলা ৰঙৰ ৱেগন-আৰ গাড়ী আহি আছিল।

গাড়ীখন মুকন্দপুৰ পোৱামাত্ৰকে পথৰ পৰা এটা ছাগলী গাড়ীখনত ভৰাই থকা এজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰে।

লগে লগে ব্যক্তিজনে ছাগলী চোৰ ছাগলী চোৰ বুলি চিঞৰিবলৈ ধৰে।

চিঞৰ-বাখৰ শুনি গাড়ীখন তীব্ৰ বেগেৰে গোৰেশ্বৰ-বাইহাটা চাৰিআলি দিষএ আহে যদিও পিছে পিছে মটৰচাইকেলেৰে পিছ লোৱা স্থানীয় একাংশ লোকে গোৰেশ্বৰৰ ৰে’লগেটত ৰাইজৰ সহযোগত গাড়ীসহ চাৰিজনীয়া চোৰৰ দলটোক আটক কৰিবলৈ সক্ষম হয়।

ৰাইজে চোৰকেইটাক উত্তম-মাধ্যম শোধাই গোৰেশ্বৰ থানাত গতাই দিয়ে।

ধৃত চোৰকেইটা হ’ল গুৱাহাটী বিৰুবাৰীৰ ৰাজেন ৰাজভান (৩৬), চানু সিংহ (৩১), গোৰেশ্বৰৰ বেটাগাঁৱৰ আকাশ বৰ্মন (২৫) আৰু মনমোহন বৰ্মন (৫২)।