গুৱাহাটীৰ লখৰাত বিশেষ টাস্ক ফ’ৰ্ছৰ অভিযান, মাৰণাস্ত্ৰসহ এজনক আটক…

April 26, 2021 0 By Biraj Kalita

গুৱাহাটীৰ লখৰাত বিশেষ টাস্ক ফ’ৰ্ছৰ অভিযান।

অভিযান কালত মাৰণাস্ত্ৰসহ আটক এজন লোকক।

অভিযানকাৰী দলটোৱে আটক কৰা লোকজন হ’ল চিবিলং বসুমতাৰী।

ধৃত বসুমতাৰীৰ পৰা জব্দ কৰে এটা 7.65 mm পিষ্টল আৰু ৫ ৰাউণ্ড সজীৱ গুলী।

ধৃত বসুমতাৰীৰ ঘৰ চিৰাঙৰ বালাঝাৰ গাঁৱত বুলি জানিব পৰা গৈছে।

সম্প্ৰতি STFৰ কাৰ্যালয়ত জেৰা অব্যাহত ৰখা হৈছে লোকজনৰ।