গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশৰ শপতগ্ৰহণ
November 11, 2020নিউজ ডেস্ক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী অতিৰিক্ত ন্যায়াধীশে মংগলবাৰে ন্যায়াধীশৰূপে শপতগ্ৰহণ কৰে।
উচ্চ ন্যায়ালয়ৰ এক গাম্ভীযপূৰ্ণ অনুষ্ঠানত মুখ্য ন্যায়াধীশ এন কোটিশ্বৰ সিঙে ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি, ন্যায়াধীশ ননী টাগিয়া আৰু ন্যায়াধীশ মনীষ চৌধুৰীক শপত বাক্য পাঠ কৰোৱায়।
অনুষ্ঠানত ন্যায়াধীশ মানস ৰঞ্জন পাঠক, মনেজিৎ ভূঞা, সুনম শ্যাম, ৰুমী কুমাৰী ফুকন, অচিন্ত্য মল্ল বুজৰবৰুৱা, কল্যাণ ৰায় সুৰানা, অজিত বৰঠাকুৰ, হিতেশ কুমাৰ শৰ্মা, মীৰ আলফজ আলী, সৌমিত্ৰ শইকীয়া প্ৰমুখ্যে উচ্চ ন্যায়ালয়ৰ অধিবক্তা, বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।