গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষা বাতিল…
July 19, 2021গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষা বাতিল।
এক বিশেষ জাননীযোগে এই কথা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কতৃপক্ষই।
তৃতীয় ছেমিষ্টাৰৰ শিক্ষাৰ্থীসকলে পূৰ্বৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতেই পৰৱৰ্তী ছেমিষ্টাৰলৈ উত্তীৰ্ণ হ’ব।
আনহাতে ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষা আগষ্ট মাহত অনুষ্ঠিত হ’ব বুলি জাননীখনত কোৱা হৈছে।
এই পৰীক্ষা অনুষ্ঠিত হ’ব অনলাইন মাধ্যমেৰে।
ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষাৰ্থীসকলৰ বাবে ৬০ শতাংশ পাঠ্যক্ৰমৰ ভিত্তিত প্ৰশ্ন কাকত তৈয়াৰ কৰা হ’ব।
আনহাতে প্ৰেক্টিকেল পৰীক্ষাৰ বাবে পৰৱৰ্তী সময়ত নিৰ্দেশনা প্ৰদান কৰিব বুলি উল্লেখ কৰা হৈছে জাননীখনত।