গুৱাহাটী ৰে’লৱে ষ্টেচনত ১৯গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি

April 11, 2021 0 By Biraj Kalita

ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

বিশেষকৈ গুৱাহাটী মহানগৰীত কৰ’ণাকেন্দ্ৰীক পৰিস্থিতিৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে।

গুৱাহাটী ৰে’লৱে ষ্টেচনত ১৯গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।

৫০০গৰাকী যাত্ৰীক কৰা হৈছিল কোৰোনা টেষ্ট।

ইফালে কামাখ্যা মন্দিৰ দৰ্শণ কৰিবলৈ গৈ কভিডত আক্ৰান্ত ৩ জন লোক।

আক্ৰন্ত আটাইকেইজন লোককে বৰ্তমানে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, ৰাজ্যত বৰ্তমানে কৰণাৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰাত ৰেলৱে ষ্টেচন আৰু বিমান বন্দৰত কভিড টেষ্ট বাধ্যতামূলক কৰাৰ লগতে কামাখ্যা মন্দিৰতো ক’ৰণা টেষ্ট বাধ্যতামূলক কৰা হৈছে।

লগতে চাওকঃ

ডাঙৰ খবৰ! মহানগৰীত পুনৰ ভয়াৱহ ৰূপত ক’ভিড-১৯ৰ সংক্ৰমণ, শিক্ষয়িত্ৰীৰ মৃত্যু