গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা অনিল ৰাজা, পংকজ বৰবৰাসহ বহু কৰ্মীয়ে…

July 9, 2021 0 By Biraj Kalita

হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

অনুষ্ঠানত কংগ্ৰেছ দলৰ প্ৰাক্তন জ্যেষ্ঠ নেতা অনিল ৰাজা, প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছ নেতা পংকজ বৰবৰা সহিতে অসমৰ বিভিন্ন জিলাৰ কংগ্ৰেছ কৰ্মী সকলে বিজেপি দলত যোগদান কৰে।

সকলোকে বিজেপি দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক সভাপতি ডাঙৰীয়াই৷ ৷

উল্লেখ্য যে, পূব গুৱাহাটী সমষ্টিৰ পৰা টিকট বিচাৰিছিল পংকজ বৰবৰাই। ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

কার্যসূচীত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া, শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া ডাঙৰীয়া, ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায় ডাঙৰীয়া, বেণুধৰ নাথ ডাঙৰীয়া, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়াকে ধৰি ৰাজ্যিক বিষয়-ববীয়াসকলৰ লগতে দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে।