গোসাইগাঁও সমষ্টিৰ BPF বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ দেহাৱসান…

May 26, 2021 0 By Biraj Kalita

গোসাইগাঁও সমষ্টিৰ বি পি এফ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ আকস্মিক বিয়োগ।

আজি পুৱা প্ৰায় ৫.৩০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় নাৰ্জাৰীৰ।  

ক’ভিড আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ গুৰুতৰভাৱে অৱনতি ঘটাত তেওঁক ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ অনা হয়।

দীৰ্ঘদিন ধৰি জি এম চি এইচত চিকিৎসাধীন হৈ থকা বিধায়ক নাৰ্জাৰীৰ মঙলবাৰে কোভিড টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল।

কিন্তু ব্ৰেইন ষ্ট্ৰোক হোৱাৰ বাবেই নাৰ্জাৰীৰ স্বাস্থ্য সংকটজনক হৈ পৰে।

১৯৫৩ চনত জন্মগ্ৰহণ কৰা নাৰ্জাৰীয়ে মৃত্যুৰ সময়ত পত্নী, দুটি পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানক এৰি থৈ যায়।

উল্লেখ্য যে ২০০৬ চনত প্ৰথমবাৰৰ বাবে গোসাইগাঁও সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল মাজেন্দ্ৰ নাৰ্জাৰী।