গোৱালপাৰীয়া লোক সংগীতৰ সাধক নিখিলেশ বৰুৱা আৰু নাই, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…

May 27, 2021 0 By Biraj Kalita

অসমৰ সাংস্কৃতিক জগতৰ বাবে দুঃখবৰ।

গোৱালপাৰীয়া লোক সংগীতৰ সাধক নিখিলেশ বৰুৱাৰ দেহাৱসান।

সংকতজনক অৱস্থাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী।

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ভাতৃ নিখিলেশ বৰুৱা।

যকৃতৰ লগতে একাধিক জটিল ৰোগত ভুগি আছিল শিল্পীগৰাকী।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আৰ্থিক সমাস্যাত ভুগি আছিল শিল্পীগৰাকী।

অসম চৰকাৰৰ শিল্পী বঁটা প্ৰাপ্ত নিখিলেশ বৰুৱাৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

নিখিলেশ বৰুৱাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে৷