গ্ৰামসেৱকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, একাংশ দুখীয়া কৃষকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ…

July 6, 2021 0 By Biraj Kalita

ৰপেটাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিত একাংশ দুখীয়া কৃষকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষি বিভাগৰ সংশ্লিষ্ট গ্ৰামসেৱকৰ বিৰুদ্ধে।

বিভাগটোৱে যোগান ধৰা শালি ধানৰ বিধান ৰাইজক নিবিলাই আত্মসাতৰ অভিযোগ তুলি গ্ৰামসেৱক নজৰুল ইছলামৰ বিৰুদ্ধে সাব্যস্ত হয় এই প্ৰতিবাদ।

অভিযোগ অনুসৰি ধানৰ বীজ আলোপতি কৃষি মহকুমা কাৰ্যালয়ত বিতৰণৰ পৰিবৰ্তে নগৰবেৰাৰ নিজৰ ঘৰত ৰাখি প্ৰকৃত হিতাধিকাৰীৰ কিছু বিলাই বাকী খিনি আত্মসাৎ কৰে বিভাগীয় গ্ৰামসেৱকে।

গ্ৰাম সেৱক গৰাকীয়ে ইয়াৰ পূৰ্বে বহু দুৰ্নীতি কৰাৰো অভিযোগ প্ৰতিবাদী ৰাইজৰ।

উপায়ন্তৰ হৈ ভুক্তভোগী হিতাধিকাৰীয়ে গ্ৰামসেৱক জনৰ দুৰ্নীতিৰ তদন্ত বিচাৰি আলোপতিচৰ আৰক্ষীত দাখিল কৰে এক এজাহাৰ।

প্ৰশ্ন হয়-কি সাহসত এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে ৰাইজক দিয়ে এনে ৰামঠগন? ৰাইজৰ এনে প্ৰতিবাদে গা লৰাবনে বিয়াগোম কৃষি বিভাগটোৰ? তদন্তৰ দিহা হ’বনে এনে অভিযোগৰ?