গ্ৰাহকৰ বেংক একাউন্টৰ পৰা হেকাৰে উলিয়াই নিলে টকা!
August 12, 2021নিউজ ডেস্ক। পুনৰ হেকাৰৰ সন্ত্ৰাস!
এইবাৰ হেকাৰে লুটিলে জামুগুৰিহাটৰ এজন লোকৰ একাণ্টৰ পৰা ৩৩৫০০ টকা।
জামুগুৰিহাটৰ ৰঙাচকুৱাত বিভিন্ন ব্যক্তিৰ পৰা যোৱা কিছুদিন ধৰি কোনো দুষ্ট চক্ৰই বেংকৰ পৰা গোপনে ধন উলিয়াই নিয়া ঘটনা সংঘটিত হৈ আছে।
বেংকৰ পৰা হেক কৰি ধন উলিয়াই নিয়া সন্দৰ্ভত ভুক্তভোগীসকলে বেংক কৰ্তৃপক্ষৰ ওচৰ চাপে যদিও কোনো ধৰণৰ সহাৰী নোপোৱাৰ অভিযোগ উঠিছে।
তেনে এক ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ ৰঙাচকুৱাত।
ৰঙাচকুৱাৰ ১নং বাটামাৰীত পুনম সিং নামৰ লোকজনৰ ভাৰতীয় ষ্টেট বেংকৰ একাণ্টৰ পৰা নগদ ৩৩,৫০০ টকা কোনো দুষ্ট চক্ৰই হেক কৰি উলিয়াই নিয়ে।
এই সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংক ৰঙাচকুৱা শাখাত অৱগত কৰাত বেংক পৰিচালকগৰাকীয়ে গ্ৰাহকজনৰ কথাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে।
অৱশেষত পুনম সিঙে জামুগুৰি আৰক্ষীৰ কাষ চাপে।
সাধাৰণ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি দুই-এপইছা বেংকত সাচি ৰখা এই ধন সম্প্ৰতি হৰলুকি হোৱাত ভাগি পৰিছে পুনম সিঙৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ।
আনহাতে উক্ত অঞ্চলতে সঘনাই এনে ঘটনা সংঘটিত হৈ থকাত অঞ্চলটোৰ সচেতন লোক সংকিত হৈ পৰা পৰিলক্ষিত হৈছে।