গ্ৰেপ্তাৰ অপহৃত ব্যৱসায়ী অজিত দাস, ড্ৰাগছ চক্ৰৰ সৈতে কন্দলৰ বাবেই হৈছিল অপহৃত…
June 30, 2021অপহৃত অজিত দাসক গ্ৰেপ্তাৰ!
পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অজিত দাসক।
তথ্য অনুসৰি দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰি আহিছিল অজিত দাসে।
মৰিগাঁৱৰ দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছিল দাসক৷
আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা মতে ড্ৰাগছ চক্ৰৰ সৈতে কন্দলৰ বাবেই অপহৃত হৈছিল অজিত দাস৷ ঘটনা পোহৰলৈ অহাৰ পাছতে অজিতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
উল্লেখ্য যে অজিত দাস অপৰহণ কাণ্ডৰ বাবে সোমবাৰে নিশা ঘগুৱা পাহাৰত গুলীবিদ্ধ কৰা হৈছিল এজন কনিষ্টবলক৷ পলাবলৈ লওতে আৰক্ষীয়ে গুলীচালনা কৰি আহত কৰে কনিষ্টবল ৰাজবাবু সিঙক৷