গৰাকীবিহীন ৰয়েল এনফিল্ড বাইক জব্দ আৰক্ষীৰ
August 31, 2021নিউজ ডেস্ক। ৰাজ্যজুৰি গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত থকাৰ মাজতে এইবাৰ আৰক্ষীয়ে জব্দ কৰিলে এখন গৰাকীবিহীন বাইক।
জানিব পৰা মতে, মঙলবাৰে পুৱাই নগাঁও জিলাৰ ৰহা আৰক্ষীয়ে জব্দ কৰে পৰিত্যক্ত অৱস্থাত থকা ৰয়েল এনফিল্ড বাইক।
এএছ ০২ জেড ১৯৯৮ নম্বৰৰ এই বাইকখনৰ ৰং বগা।
বৰ্তমানলৈকে বাইকখনৰ কোনো ধৰণৰ চিনাক্তকৰণ কৰিব পৰা হোৱা নাই যদিও ৰহা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এই ঘটনাৰ সৈতে গাড়ী চুৰি চক্ৰ জড়িত নে অন্য কাৰণত এই বাইকখন এৰি থৈ যায় গৰাকীয়ে, সেয়া তদন্তৰ অন্ততহে ওলাই পৰিব।