গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নৈৰ পাৰত দোৱা খহনীয়া আক্ৰান্তৰ

August 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ধুবুৰী জিলাৰ বুঢ়া-বুঢ়ীৰ মদােকণাৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ।

চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই এতিয়া নেদেখাজনৰ ওচৰত এতিয়া দোৱা বিচাৰিছে নৈপৰীয়াই।

শুকুৰবাৰে গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি বহু পুৰুষ-মহিলাই নৈৰ পাৰত একত্ৰিত হৈ আল্লাহৰ ওচৰত দােৱা কৰে।

আল্লাই এতিয়া শেষ ভৰষা হৈ পৰিছে খহনীয়া আক্ৰান্তসকলৰ, কিয়নো গৰাখহনীয়াই থান-বান কৰি পেলাইছে এইসকল লোকৰ পৰিয়াল।

বিশেষকৈ তিনি মাহ ধৰি গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুঢ়া-বুঢ়ী নিচিনপুৰ মদােকণা অঞ্চলত। এফালৰ পৰা নদীত জাহ গৈছে শ শ বিঘা কৃষি ভূমি, ঘৰ-বাৰী আদি।

উল্লেখ্য যে অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ তথা বিধায়কৰ ফালৰ পৰা অস্থায়ী বাঁহৰ পাৰ্কুপাইনৰ কাম হৈছিল যদিও সেয়া পৰ্যাপ্ত নহয়।

বৰ্তমান সময়ত জটিল ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াই।

সেয়ে শুকুৰবাৰে অঞ্চলটোৰ ৰাইজে একত্ৰিত হৈ জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই এনেদৰে আল্লাহৰ ওপৰত দোৱা-প্ৰাৰ্থনা কৰে।