গৰুক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত ৱেগনাৰ বাহন

February 12, 2022 0 By NEWS DESK

নিউজ ডেস্ক। বাট-পথত মুকলিকৈ বিচৰণ কৰা পশুধনৰ বাবে বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

এইবাৰ গােৱালপাৰা জিলাৰ দুধনৈ অসম-মেঘালয় সীমান্তৱৰ্তী ডাইনাডুবীত গৰুক বচাবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল এখন ৱেগনাৰ বাহন।

জানিব পৰামতে, দুৰ্ঘটনাত পতিত ৱেগনাৰ বাহনখনৰ নম্বৰ এএছ-০১ডিএম-৯৮৩১।

বাহনখনৰ সন্মুখত হঠাতে এটা গৰু দৌৰি যোৱাৰ ফলত গৰুটোক বচাবলৈ লওঁতেই দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন।

এই দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে বাহনখন।

অৱশ্যে, সৌভাগ্যক্ৰমে বাহনখনত অহা কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।