গৰু চােৰৰ বিলৈ! পুখুৰীত সােমাল বাহন, ৰাইজে ধৰি গতালে আৰক্ষীৰ

July 31, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ ৰাইজৰ হাতত কৰায়ত্ত হ’ল এটা গৰু চােৰ।

গৰু চুৰি কৰিবলৈ গৈ পুখুৰীৰ পানীত আবদ্ধ হ’ল গৰু চােৰৰ বাহন।

এই ঘটনাৰ স্থান কামৰূপ জিলাৰ হাজােৰ দেহৰকুৰিহা গাঁও।

জানিব পৰা মতে, সান্ধ্য আইনৰ মাজতে পুৱতি নিশা গাঁওখনত গৰু চুৰি কৰাৰ লক্ষ্যৰে মাৰুতি অল্ট’ বাহনেৰে তীব্ৰ বেগেৰে প্ৰৱেশ কৰিছিল।

এই কথাৰ উমান পাই একাংশ স্থানীয় লােক বাহিৰলৈ ওলাই অহা পাছত এটা পুখুৰীৰ পানীত আবদ্ধ হৈ থকা অৱস্থাত বাহনখন প্ৰত্যক্ষ কৰে।

লগে লগে ঘটনাস্থলীত পৰা ৰাইজে জেচিম আলী নামৰ এটা গৰু চোৰক কৰায়ত্ত কৰে, খবৰ দিয়ে হাজাে আৰক্ষীক।

ধৃত চােৰটােৰ ঘৰ চাংসাৰিৰ পূব বােৰ্কাত বুলি জানিব পৰা গৈছে।