ঘাঁহ কাটিবলৈ যোৱা মহিলাক ধৰ্ষণৰ অপচেষ্টা চলােৱা লম্পটক ৰাইজৰ লপা-থপা

July 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দিন দুপৰতে এঘৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা চলাই আটক হ’ল এজন লম্পট। তাৰ পাছতে ৰাইজৰ লপ-থপা।

হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত চাংমাজী গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা।

ভুক্তভােগী মহিলাই উত্থাপন কৰা অভিযােগ অনুসৰি, ঘাঁহ কাটিবলৈ খেতি পথাৰত যােৱাৰ সময়তে একে গাঁৱৰে বুৰহানউদ্দিন নামৰ এজন লোকে ধৰ্ষণৰ অপচেষ্টা চলায়।

জানিব পৰামতে, ঘাঁহ কটাৰ উদ্দেশ্যৰে বুৰহানউদ্দিন নামৰ লােকজনাে একে খেতি পথাৰলৈ আহিছিল।

খেতি পথাৰত ঘাঁহ কাটি থকাৰ মাজতেই লম্পটজনে একেখন গাঁৱৰে এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা চলায়।

মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰি লোকজনৰ কবলৰ পৰা নিজকে ৰক্ষা কৰে।

ইফালে মহিলাগৰাকীৰ চিঞৰ-বাখৰ শুনি ওচৰ চুবুৰীয়া লোক আহি উপস্থিত হয়।

লম্পট বুৰহানউিদ্দিনে পৰিস্থিতি বিষম দেখি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলায় যদিও ৰাইজে খেদি খেদি আটক কৰি ডবকা আৰক্ষী থানাত চমজাই দিয়ে।

ইপিনে, আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।