ঘাইপথৰ ডিভাইডাৰত খুন্দিয়াই দুৰ্ঘটনাত পতিত বাহন

November 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত শীতৰ আগমনৰ লগে লগে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। নিতৌ হতাহত হৈছে বহু লােক।

বৰপেটা জিলাৰ হাউলীৰ কুজাপীঠত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাতিপুৱাৰ ভাগতে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। উক্ত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাহনখনৰ চালক।

এএছ ০১ বি কিউ ২২৩৬ নম্বৰৰ এখন চাৰিচকীয়া বাহনে গুৱাহাটী দিশৰ পৰা হাউলী দিশলৈ গৈ থকা অৱস্থাত ডিভাইডাৰত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়।

ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি থানালৈ নিয়ে।