ঘোষণা কৰা হ’ল মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক লৈ ফলাফলৰ ফৰ্মূলা…

July 1, 2021 0 By Biraj Kalita

SEBA কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সংবাদমেল।

শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ লগত উপস্থিত দুয়োখন সমিতিৰ সভাপতি অলোক কুমাৰ বুঢ়াগোহাঁই আৰু দীপক কুমাৰ।

নৱম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পৰা ৪০ শতাংশ, দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পৰা ৪০ শতাংশ আৰু বাকী ২০ শতাংশ নম্বৰ উপস্থিতি আৰু এছাইন্টমেন্টৰ পৰা লৈ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব।

যি বিদ্যালয়ৰ দশম শ্ৰেণীৰ তথ্য নাথাকে সেই সকলৰ বাবে নৱম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পৰা ৭০ শতাংশ নম্বৰ লোৱা হ’ব আৰু বাকী ৩০ শতাংশ নম্বৰ বিদ্যালয়ৰ শিক্ষক সকলে দিব পাৰিব।

দিব্যাংগ শিক্ষাৰ্থী সকল যিয়ে পৰীক্ষা দিব পৰা নাছিল সেই সকলক নম্বৰ বিদ্যালয়ৰ পৰা দিয়া হ’ব।

আনহাতে যি সকলে ফেইল কৰিছিল সেই সকলৰ ৭০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ পৰা লোৱা হ’ব আৰু বাকী ৩০ শতাংশ বিদ্যালয়ে দিব।

DROP OUT কৰা ছাত্ৰ-ছাত্ৰীৰ বাবেও একেই হব।

HS ৰ ফলাফল সমূহ প্ৰেকটিকেল পৰা ৫০%, HSLC ৰ পৰা ভাল নম্বৰ পোৱা ৩টা বিষয়ৰ পৰা ৩০%, আৰু 1st আৰু 2nd year ৰ পৰীক্ষাৰ পৰা 10%, আৰু বাকী 10% সৰ্বমুঠ নম্বৰৰ ওপৰত ভিত্তি কৰি দিয়া হব।

প্ৰকটিকেল নথকা ছাত্ৰ-ছাত্ৰী সকলক 1st আৰু 2nd yearৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি দিয়া হব।

ভকেচনেলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 40% প্ৰকটিকেল পৰা দিয়া হব।

৩১ জুলাইত পৰীক্ষাএ ফলাফল ঘোষণা কৰা হব।

আনহাতে শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে যদিহে কোনো পৰীক্ষাৰ্থী ইয়াক লৈ সন্তুষ্ট নহয় তেন্তে আবেদন কৰিব পাৰিব আৰু তাৰ ভিত্তত চেবাই চেপ্তেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত কৰিব।

যি সকলে আকৌ পৰীক্ষাত ভাগ লয় তেওঁ লোকৰ পৰীক্ষাৰ মাচুল ভৰিব নালাগে। ১৫ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা কৰা হৈছে যদিও সম্ভৱ নহলে ২০২২চনত হলেও পৰীক্ষা হব‌।

চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া বা ভাল ফলাফলৰ বাবে এক পৰীক্ষা অনুষ্ঠিত হ’ব।

একেই ৰোল নম্বৰত পৰীক্ষা দিব পাৰিব বেলেগকৈ ফৰ্ম ফিলাপ কৰিব নালাগে।

2022 চনত হলেও পৰীক্ষা অনুষ্ঠিত কৰা হব।